# অকবিতা #

দিন বাঢ়ে
সম্বন্ধ টুটে
গজি উঠে শেলুৱৈ

প্ৰেম বাঢ়ে
টোপনি কমে
ফুলি উঠে কেকটাচৰ ফুল

ৰাতি বাঢ়ে
টোপনি যায় মহানগৰ
জাৰজ কুকৰবোৰে টেঁটুফালি ভুকে

ভোগ বাঢ়ে
উপার্জন কমে
নাঙঠ ভাবনাত ওপঙি ফুৰে
পানীমেটেকাৰ জাক
---------------­------------

# মাজ ৰাতিৰ অকবিতা #

ভালপোৱা মুখবোৰৰ পৰা সৰি পৰে মুখা
তেজত ডুব যায় ৰাতিৰ জোনাক

ষড়যন্ত্ৰৰ বঠাহীন নৌকাও এদিত ঘাটত লাগে
পাৰত ৰৈ ৰৈ নাবিকে উচুপে

ৰজাই মদখাই আনন্দত নাচে
ৰাতি ৰাতি অশ্লীল শব্দৰ বৰষুণ সৰে

ক্ৰমশঃ এন্ধাৰৰ ভিতৰত সোমাই যায়
উজ্জ্বল মুখাবোৰ

নাবিকৰ উচুপনিত সাৰ পায় চৰাইবোৰ
সেই চৰাইবোৰেই এদিন বিদ্ৰোহৰ ৰঙা নিচান উৰাই
ৰাজকাৰেঙত টেঁটুফালি চিঞৰে

হাজাৰটা চৰাইৰ চিঞৰত
ৰজাই আত্মহত্যা কৰে !
---------------­------------

# ৰাতিৰ অকবিতা #

ৰাতি বাঢ়ে
মুখৰ ওপৰৰ মুখাবোৰ খহি পৰে

ৰাতি বাঢ়ে
মদ খাই উন্মাদ হয়
ভণ্ড সমাজসেৱক

ৰাতি বাঢ়ে
পৰিচিত মুখবোৰত ক্ৰমশঃ শব্দবোৰ অশ্লীল হৈ পৰে

ৰাতি মই হৃদয়খনক কবৰ দি থও
ৰাতি মই সপোনবোৰক দাহন কৰোঁ

ৰাতি ভাঁজ কেঁকুৰিটোৰ পৰা অশৰীৰি আত্মাৰ উচুপনি ভাঁহি আহে
য'ত মোৰ এজনী প্ৰেয়সীক ধর্ষণ কৰি হত্যা কৰিছিল সমাজত মুখা পিন্ধি ঘূৰি ফুৰা অসামাজিক ব্যক্তি এজনে

ৰাতি উন্মাদ হৈ উঠে
অভদ্ৰ সমকাৰীৰ দল
ৰাতি নাঙঠ হৈ ঘূৰে মুখাপিন্ধা বেশ্যা
ৰাতি ম'বাইলত চলে গোপন আলাপ

ৰাতিয়েই য'তো ধমকি, গর্জন, আস্ফালন !

["নষ্টালজিয়া"ত লিখা মোৰ শেষ লেখাটো]
---------------­------------

# অপ্ৰেমিকৰ অকাব্য #

মই যদি তোমাৰ প্ৰেমত নপৰিলোঁ হেঁতেন
কি হ'ল হেঁতেন মোৰ ?
বা তুমি যদি মোৰ প্ৰেমত নপৰিলা হেঁতেন
তেন্তে তোমাৰেই বা কি হ'ল হেঁতেন ?

তোমাৰ প্ৰেমত নপৰা হ'লে হয়তো মই আন কাৰোবাৰ প্ৰেমত পৰিলোঁ হেঁতেন !
তুমিও মোৰ প্ৰেমত নপৰা হ'লে হয়তো আন কাৰোবাক পচন্দ কৰিলা হেঁতেন !

মই তোমাৰ প্ৰেমত নপৰিলেও সূর্য পূৱপিনে উদয় হ'লহেঁতন,
তুমি মোৰ প্ৰেমত নপৰিলেও সূর্য পশ্চিম পিনে মাৰ গ'লহেঁতেন

একো নাই প্ৰেমত ॥
প্ৰেম মদিৰাৰ বটলৰ দৰে,
কিনি অনাৰ অলপ পিছতে বটল ৰিক্ত হৈ পৰে
তাৰ পিছত দলিয়াই দিয়া হয় সেই বটল,
নাইবা কেজিৰ দৰত বিক্ৰী কৰা হয়
---------------­------------

# অশ্লীল ৰাতিৰ অকবিতা #

এটা বন্ধ্যা ভাবনাত
কেঁকাই থাকে গোটেই ৰাতি

পাতৰ দৰে খহি পৰে ভদ্ৰতাৰ নগ্ন পোচাক

সকলো উদংহৈ যায়
দুচকুত সপোনবোৰে বাহ সাজে
গজি উঠে সেউজীয়া ঘাঁহ

জুৰিৰ পাৰত গা ধুই উঠা সদ্যস্নাতা জোনটোৱে বিচাৰি ফুৰে
তোমাৰ নগ্ন দুহাত

ৰাতি কোনেও কাকো চিনিব নোৱাৰে
এজন নপুংসক অকবিয়ে ৰাতি ৰাতি কামুক দুঃস্বপ্নৰ বৰষুণত তিতে

চেং মাছে জঁপিয়ায়
জঁপিয়াই জঁপিয়াই গাঁতত সোমায়
গাঁতৰ পৰা ওলাই আহে
চেং মাছৰ জাক

ৰাতিপুৱা গাত এখন চাদৰ মেৰিয়াই
ঘৰৰ পৰা ওলাই আহে
মহাত্মা গান্ধী

অশ্লীল ৰাতি
ডুব গৈ থাকোঁ
তোমাৰ তেজৰ মাজত
---------------­------------

# অ ক বি তা #

(১)
বুকুত সৰি পৰা পাতবোৰ
উৰিছে
বতাহত ভাঁজ হৈ পৰিছে
দুখত কান্দি থকা পথটো

(২)
মই কাকো সুখী কৰিব নোৱাৰিলোঁ
দুখী হৈ উচুপি থাকোঁ
গাঁতৰ ভিতৰত জ্বলাই লৈ একুৰা জুই !
---------------­------------

# প্ৰেমৰ নষ্ট অকবিতা #

বিয়াপাতিলে আৰু প্ৰেমত পৰিব নোৱাৰি
প্ৰেমত পৰিলেও কাকো ভালপাওঁ বুলি ক'ব নোৱাৰি

ফেচবুকত প্ৰেমৰ গোলাপ ফুটে
বুকুৰ সোঁফালে চেৰেংকৈ বিষ এটা উজাই আছে

ৰাস্তাৰে ৰঙীন ছাতি মেলি
পাৰ হৈ যায় প্ৰেম উন্মাদিনী জোনাকী পৰুৱা

উমহু, ছাইকেল লৈ
পিছে-পিছে যাব নোৱাৰি
কাৰো স'তে কথা পাতিব নোৱাৰি
দুপৰীয়াৰ বৰষুণত
তিতি-তিতি

টেলিফোনত আবেগবোৰ বাকিব নোৱাৰি কাকো

পোৱাৰ আনন্দত নাইবা নোপোৱাৰ বেদনাত মদ খাই মাতাল হ'ব নোৱাৰি ৰাজপথত

মোৰ প্ৰেম কৰাৰ দিন গ'ল ঐ
যাকে মন যায় তাকে ভালপোৱাৰ কথা কোৱাৰ দিন উকলিল মোৰ

গোটেই জীৱন প্ৰেমিক হৈ থাকিবৰ মন যায় অ'
আজি ইজনীৰ
কালি সিজনীৰ

উমহু, মোৰ প্ৰেম কৰাৰ দিন নাই অ'
এতিয়া মই কি কৰিম
কি কৰিম

শব্দৰ শেতেলিত শুই থাকিম !
---------------­------------

---------------­------------

# এজন সাধাৰণ ব্যক্তিৰ অনুভৱ #

আজি কিবা এটা বন্ধৰ দিন
আজি পেটত ভোকৰ যন্ত্ৰণা কঢ়িয়াই লৈ ফুৰিব লগা এটা যন্ত্ৰণাৰ দিন

আজি পতকা উৰাৰ দিন
পতকাৰ তলত শবোৰ শুইথকাৰ দিন

আজি ঘৰৰ ভিতৰত আত্মগোপন কৰি থাকিব লগা দিন
আজি শব্দ বিস্ফোৰণত কাণ ঘোলা কৰিব লগা এটা নিস্তব্ধ গান
---------------­------------


# সময় #

আজি মোৰ সময়
কালি তোৰ সময়
কিন্তু সময় কাৰো বাবে ৰৈ নাথাকে !
সময়ে সকলো সলনি কৰে !
সঁচা সঁচা,
আমি সময়ৰ দাস !
আজিৰ বাল্মিকী কালি দস্যুৰত্নাকৰ
কালিৰ দস্যু ৰত্নাকৰ আজিৰ বাল্মিকী !

আহ্, মোৰ সময়,
মোক নৰকলৈ দলিয়াই দিয়া !

এই নৰকো নৰক
সেই নৰকো নৰক
চাৰিওফালে নাড়ী-ভূড়ী খোৱা
শিয়াল-শগুণৰ দল !

মোক নৰকলৈ দলিয়াই দিয়া
নৰকলৈ দলিয়াই দিয়া
তাতে পালন কৰিম মই
নৰকৰ নষ্ট উৎসৱ !
---------------­------------

# হেল্ল' মিচ মৃগতৃষ্ণা দেৱী #

হৃদয়ৰ ভিতৰত অহংকাৰ এটা লৈ ঘূৰি ফুৰা
যেন দ্বিতীয় তছলিমা নাছৰিণ

হেল্ল' মিচ মৃগতৃষ্ণা দেৱী,
এমাহত লাখপতি হোৱাৰ স্বপ্ন দেখা তুমি
সপোনতে বিচাৰি ফুৰা
হিমালয়ৰ ওপৰত থকা এটুকুৰা বৰফ
আৰু হ'ব বিচৰা এটা হিংস্ৰ বাঘ

হেল্ল' মিচ মৃগতৃষ্ণা দেৱী
বাবা ৰামদেৱক চিনি পোৱানে
চিনি পোৱানে ডক্টৰ কিলাৰক

তুমি বেছিকৈ বুজা
সেয়ে,
কলকতাৰ ড্ৰিম লাইটবোৰে তোমাক ছ্যেলুট মাৰে !!
---------------­------------

> ব্যঙ্গ অকবিতা:-

আমি আপোনালোকক ট্যেগ কৰিমেই কৰিম
আপোনালোকে আমাক কি কৰিব <

আমি আপোনালোকক ট্যেগ কৰিমেই কৰিম
আপোনালোকে আমাক কি কৰিব
কি কৰিব আপোনালোকে ?

আপোনালোকেতো জানেই
আমি বেকাৰ নষ্ট যুৱক
ফেচবুকত ফটো আপলোড কৰি ট্যেগ কৰাটো আমাৰ একো-একোটা নিচা

আপোনালোকৰ নিচা দুই-চাৰিটা সামাজিক কথাত মাত মতা
আমাৰ নিচা ধুনীয়া ছোৱালী, লাভলি ফ্লৱাৰ আদি
ফটো আপলোড কৰি আপোনালোকক ট্যেগ কৰা

আমি আপোনালোকক ট্যেগ কৰিমেই কৰিম
আপোনালোকে আমাক কি কৰিব
আন ফ্ৰেইণ্ড কৰিব
ব্লক কৰি দিব
ৰিপ'র্ট দিব

আপোনালোকৰ যি মন যায় তাকে কৰক
তাৰ পিছতো আমি আপোনালোকক এৰি নাযাওঁ
ভিন-ভিন নামেৰে একাউন্ট খুলিয়েই থাকিম
আৰু ট্যেগাই থাকিম আপোনালোকক

আৰু আমিতো আপোনালোকক এনেইট্যেগাই নাথাকো
আপোনালোকক বিশেষ দিন এটোটাৰ অযুহাতত হে ট্যেগাওঁ

কিচ ডে - থাপ্পৰ ডে,
লাভ ডে - লোচকান ডে,
ৰোজ ডে - জবাফুল ডে,
ব্লাইণ্ডাৰ স্প্ৰাইট ডে -
গেলা মদ ডে.....

আপোনাকেই কওকচোন এই ডে'বোৰত কিদৰে নো আপোনালোকক পাহৰি থাকিব পাৰি

মুঠতে আমি আপোনালোকক ট্যেগ কৰিমেই কৰিম
আপোনালোকে আমাক কি কৰিব
---------------­------------


# অজ্ঞেয়বাদীৰ অকাব্য #

ঈশ্বৰ কি ?

আস্তিকে কয় ঈশ্বৰ সর্বশক্তিমান
নাস্তিকবোৰ পাপী
ঈশ্বৰ সর্বত্ৰ বিৰাজমান

আস্তিকৰ মাজতে আকৌ বহুত বাদ-বিবাদ
অবিনশ্বৰবাদ-একে ­শ্বৰবাদ দ্বৈতবাদ-বহুবাদ
এটাবাদৰ সৈতে আনএটাবাদৰ সংঘাত

হিন্দু, ইছলাম, খ্ৰীষ্টান বৌদ্ধ, শিখ, জৈন, জেৰথ্ৰুষ্ট ইত্যাদি ইত্যাদি...

ধর্মৰ নামত ঘৰ জ্বলে
মানুহৰ অস্তিত্ব পুৰি ছাইহৈ যায়

প্ৰতিটো ধর্মৰে আকৌ অসংখ্য উপধর্ম
অসংখ্য শাখা-প্ৰশাখা
সংঘ-সত্ৰ
ছিয়া-ছুন্নী
শৈৱ-শাক্ত

ভিন্ন মত
মতৰ অমিল
ধৰ দা ধৰ কাটি কাটি যা
ল' জুই লৈ ঘৰ পুৰি দে

নাস্তিকে ধর্মৰ নামত হোৱাসংঘাতক ইচ্ছ্যু হিচাবে লৈকয়
"ধর্ম এক বেমাৰ,
আস্তিকে দেখুৱাই দিয়কচোন
ঈশ্বৰৰ অস্তিত্ব"

মই ঈশ্বৰ আছে বুলি প্ৰমাণ দিব নোৱাৰোঁ
সেয়ে মই আস্তিক নহওঁ

মই ঈশ্বৰ নাই বুলি প্ৰমাণ দিব নোৱাৰোঁ
সেয়ে মই নাস্তিক নহওঁ

কোনটো ধর্ম শ্ৰেষ্ঠ
বিচাৰ কৰিব পৰা জ্ঞান মোৰ নাই
তাকে আকৌ শাখা-প্ৰশাখাৰ লানি নিচিগা ভিৰ

এতিয়া আকৌ এটা নতুন বাদৰ সৃষ্টি হৈছে
মানৱতাবাদ

মানৱতাবাদী হ'ব পৰাকৈ ইমান জ্ঞানী নহওঁ
ইমান মহান ব্যক্তিও নহওঁ
মানৱতাবাদী বুলি ক'ব পৰাকৈ অহংকাৰীও নহওঁ



সেয়ে মই অজ্ঞেয়বাদী
ঈশ্বৰৰ বিষয়ে মোৰ একো অভিমত নাই

ঈশ্বৰ বিষয়ত মোৰ
no comment
no কাজিয়া-পেচাল

ঈশ্বৰে যেনেদৰে চলাই নিয়ে
তেনেদৰেই চলি থাকিম চিৰদিন-চিৰকাল !
---------------­------------


# মিক্স ভার্ছন অকবিতা #

তুমি দুহাতৰ পৰা সৰিপৰা এটুকুৰা শব্দৰ আবেলি
যেন আমাৰ স্বপ্নগুলি চুয়েবেঢ়ে আসা একটি নদীৰ জলধাৰা

আঁখিৰে লুহ মিসেই কুঁআৰে যাউছ চহলি
সত্যি সত্যি প্ৰেম একটা উড়ন্ত মৌ মাছি

মোৰ নিদ্ৰাহীন ৰাত্তিগুলাত তোৰ কথায় ভাবুং
এন্তা লাগে যেন মুঁই টিএ শব্দৰু অকবিতা হেউছন

য়াদোকি সাগৰ মেঁ লহৰ উঠতি হ্যাঁয়
মেৰো মন মা তিম্ৰো য়াদহৰুলে কতি যন্ত্ৰণা দিঞ্চ

সুলোচনা, নৌং মা বুজিবায়
আংনি বিখানি খন্থায়মৌন
অনলি আই নো দেট
আই ফিল মাই লনলিনেচ

প্লিচ ডন্ট ফৰগেট মি
পাসুৰিআ নাযাইস স্মৃতিৰ বেলাভাটি
আমাৰ দুঃস্বপ্নেৰ শব্দ
নিন্দ ন আসিথিবা ৰাতিমানৰ অধালেখা কহানী

আচলতে প্ৰেমত খুব যন্ত্ৰণা
পুৰে ছাই হয়ে যায় কলিজা
তথাপি তুমকু ভুলি পাৰি নি
তিম্ৰো য়াদৈ মা আসু বাহায়ে দিঞ্চু
এক স্বপ্নকি তৰহ য়াদেকো পিগল কৰ ৰখতা হু

যেন মুঁই একটি লুঁহৰু নৈ
ছাতি তলে থায় তোমাৰ স্মৃতিৰ ঢৌ
ছায়া হয়ে আসে
মোৰ দিনগুলাৰ আলো
সির্ফ তন্হাই
ইউ হ্যায় একটি হাফ অফ ফ্ল'ৱাৰ আৰু বাকী হাফ মুঁই

---------------­------------

# মদিৰাকলৈ মোৰ জীৱনৰ শেষ অকবিতা #

(ক)
১। ২০ টকাৰ গেলাৰ টোপলা কিনি আনিলোঁ
২। মোৰ শুকান কাঁমিহাড়েৰেজুই জ্বলাই ল'লোঁ
৩। আৰু তাতে দাহন কৰি ছাই খিনি টোমত ভৰাই ওলমাই থ'লোমোৰ হৃদয়ৰ বাৰাণ্ডাত

(খ)
১। ৬০ টকাৰে কিনি আনিলোঁ এটা কোৱার্টাৰৰ বটল
২। মোৰ পিতামহৰ ৰাজহাঁড়েৰে কোবাই বটলতো ভাঙিলোঁ
৩। গুৰি কাঁইচখিন একগোট কৰি পুতি থলোঁ মোৰ উদৰৰ কবৰত !
---------------­------------


ණ কন্দর্পজিৎ কল্লোল

No content for this blog yet.

80s toys - Atari. I still have